একাত্ম মানৱতাবাদ আৰু বিজেপিৰ অন্ত্যোদয়ৰ দৃঢ় সংকল্প


        ভাৰতীয় জনতা পাৰ্টি গঠন কৰা হৈছিল এক মহৎ আদৰ্শ লৈ আৰু সেয়া আছিল "একাত্ম মানৱতাবাদ"। এই বিচাৰধাৰাৰ প্ৰণেতা আছিল পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়া ৷ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত জাত-পাত, উচ্চ-নীচ, ধৰ্ম-মত আদিত বিভিন্ন ভাগত বিভক্ত হৈ আছিল আৰু সেই পৰিস্থিতিত যদি সকলোকে একতাৰ দোলেৰে বান্ধিব নোৱাৰা হ’লে আকৌ বিভক্ত হোৱা সম্ভাবনাই দেখা দিলেহেঁতেন । সময়ৰ গুৰুত্ব বুজি পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াই এক দীঘলীয়া প্ৰৰিক্ৰমাৰে আৰম্ভ কৰিলে "একাত্ম মানৱতাবাদ" য'ত জাত-পাত, উচ্চ-নীচ, ধৰ্ম-মতৰ উৰ্ধত এক ভাৰতীয় হিচাপে যাতে বিশ্বত আমি নিজকে চিনাকি দিব পাৰো ।

       সুদীৰ্ঘ কাল দেশৰ ৰাজত্ব কংগ্ৰেছৰ হাতত থাকিল কিন্তু সমানে চলি গ’ল এই সংগ্ৰাম যাৰ পৰিণাতি হিচাপে আজি আমি কংগ্ৰেছৰ সেই বিভক্ত ৰাজনীতিৰ পৰা প্ৰায় সম্পূৰ্ণ মুক্ত হ'ব পাৰিছো ৷ কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত "সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস" নীতিৰে সকলো ভেদাভেদ পাহৰি সকলোৰে উন্নয়ণৰ বাবে এক দীৰ্ঘম্যাদী পৰিকল্পনাৰে কাম আৰম্ভ হ'ল। উজ্বলা যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, জন-ধন যোজনা, বেটি বচাওঁ-বেটি পঢ়াও যোজনা, আয়ুষ্মান ভাৰত যোজনা আদিৰ দৰে কেইবাখনো আচঁনি জাতি-ধৰ্মৰ উৰ্ধত প্ৰতিজন জনসাধাৰণৰ উন্নয়ণৰ বাবে পৰিকল্পনাসহ আৰম্ভ কৰা হ'ল আৰু আজি আমি তাত সম্পূৰ্ণ নহ'লেও যথেষ্ঠ পৰিমাণে সফলতা লাভ কৰিছো বুলি গৌৰৱেৰে কব পাৰো ৷



         কেন্দ্ৰীয় চৰকাৰৰ লগতে অসমত মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল মহোদয়ৰ নেতৃত্বত গঠন হোৱা চৰকাৰেও অসমৰ প্ৰতিজন ৰাইজৰ উন্নয়নৰ বাবে সৰ্বোচ্চ উজাৰি কাম কৰিছে ৷ মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰতিজন কাৰ্য্যকৰ্তাই সকলো আঁচনি যাতে প্ৰকৃত হিতাধিকাৰিয়ে পাই তাৰ বাবে সৰ্বোচ্চ উজাৰি কাম কৰিছে ৷ মাননীয় বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অভিজ্ঞতা আৰু সুনিপুণ কাৰ্য্যপ্ৰণালীৰে অসমৰ প্ৰতিজন নাগৰিকৰ সুস্থ-সবল-দৃঢ় উন্নয়নৰ বাবে ন ন কাৰ্য্যপন্থা হাতত লৈ সফল প্ৰক্ৰিয়াৰে ৰাজ্যখনক আগুৱাই লৈ গৈছে আৰু ইয়াৰ পৰিণতিতে আমি পিছপৰা শ্ৰেণীৰ ৰাজ্য হৈয়ো বৈশ্বিক মহামাৰী COVID-19 ৰ বিপক্ষে দৃঢ়ভাবে যুজ দি প্ৰতিহত কৰিবলৈ সক্ষম হৈছো ৷ সক্ষম হৈছো বুলি এইকাৰণেই কম কিয়নো যি মহামাৰীয়ে বিশ্বৰ অন্যতম উন্নত ৰাষ্ট্ৰ আমেৰিকা, ইটালী আদিৰ দৰে দেশক আঠু কঢ়াই দিলে সেই তুলনাত আমি ৯৯% সবল স্থিতিত আছো ৷ কেৱল মহামাৰীৰ সৈতে যুজাই নহয়, লকডাউনৰ বাবে জনসাধাৰণৰ যি খাদ্যসংকটে দেখা দি এক জটিল পৰিবেশৰ সৃষ্টি কৰিব পাৰিলেহঁতেন তাকো আমি খুব নিয়াৰিকৈ সমাধান কৰিবলৈ সক্ষম হৈছো ৷

     কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটো আঁচনি ৰাজ্য চৰকাৰে গুৰুত্বসহকাৰে ৰূপায়ণ কৰাৰ ফলত এই মহামাৰীৰ সময়ত প্ৰতিগৰাকী হিতাধিকাৰীয়ে প্ৰত্যক্ষৰূপে সহায় লাভ কৰিবলৈ সক্ষম হৈছে। কেৱল ৰাজ্যত বসবাস কৰা সকলেই নহয়, কৰ্মসুত্ৰে বা অন্য কাৰণত ৰাজ্যৰ বাহিৰত থকা অসমীয়াসকলকো আমি সমানেই গুৰুত্ব দি সাহায্য আগবঢ়াবলৈ সক্ষম হৈছো ৷ দিন হাজিৰা কৰা, ক্ষুদ্ৰ চাহ খেতিয়ক আদিৰ পৰা আৰম্ভ কৰি বয়োবৃদ্ধ সকলোকে আমি সমান চকুৰে জাত-পাত, উচ্চ-নীচ, ধৰ্ম-মত অবিহনে সম মৰ্যাদাৰে সকলোধৰণৰ সহায় আগবঢ়াইছো ৷ অসমত পুৰ্বৰ সময়ত বানপানীৰ সময়ত জনসাধাৰণৰ যি আলৈ-অথানি হৈছিল তাৰ তুলনাত এক বৈশ্বিক মহামাৰীত কোনো জনসাধাৰণৰ দুখ-দুৰ্দশা নোহোৱাকৈ এনেধৰণে প্ৰতিহত কৰাটো চৰকাৰৰ এক অনন্য সফলতা ৷ আজি অসম চৰকাৰে জাত-পাত, উচ-নীচ, ধৰ্ম-মতৰ উৰ্ধত গৈ প্ৰতিজন অসমৰ নাগৰিকৰ যি সহায় কৰিছে সেয়া পণ্ডিত দীনদয়াল উপাধ্যায়জীৰ "একাত্ম মানৱতাবাদ"ৰ সুস্পষ্ট প্ৰতিফলন ৷ আমাৰ আদৰ্শ আছিল দেশ প্ৰথম আৰু সেইয়াই প্ৰতিফলন ঘটিছে কৰ্মৰ মাধ্যমেৰে ৷ ভাৰতীয় জনতা পাৰ্টি সদায় দেশ আৰু দহৰ উন্নয়ণৰ বাবে আছিল আৰু সদায় থাকিব ৷ এইয়া আমাৰ দৃঢ় বিশ্বাস ৷

                                                             "জয় আই অসম"
                                                          "ভাৰত মাতা কি জয়"

Post a Comment

3 Comments

  1. ভাল লাগিল দাদা ।

    ReplyDelete
  2. ভাল লাগিল দাদা।

    ReplyDelete
  3. খুব সুন্দৰ দাদা। ভাৰতীয় জনতা পাৰ্টিৰ দিৱস কেইটাৰ বিষয়ে লিখিব চোন দাদা।

    ReplyDelete
Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)