প্ৰতিবাদ আৰু সংসদীয় গনতন্ত্ৰ






এটা হোৱাট্চএপ্ গ্ৰুপত ১০ ডিচেম্বৰ, ২০১৯ তাৰিখে নিম্নোক্ত অ’ডিও ক্লিপটোৰ কথোপকথন প্ৰচাৰিত হৈছিল-
তেওঁলোকে কৈ থৈ গৈছে যে তোমালোকৰ হাতত অকল কাইলৈৰ দিনটো আছে। কাইলৈৰ ভিতৰত যদি কিবা এটা কৰিব পাৰা পাৰিবা। কাইলৈ যদি এইখন গ়হিত হৈ যায় তাৰ পিচত মানে তোমালোক সকলো শেষ বুলি ধৰি লোৱা আৰু। নেত্ৰ শইকীয়া মানে অৰূপ হাজৰিকা তেওঁ আহিছিলে। তেওঁ কৈ থৈ গৈছে মই কোনো ৰাজনৈতিক অভিনেতা নহয়।  মানে, মই যিটো সঁচা সেইটোৱে তোমালোকক কৈছোঁ। তোমালোক এতিয়া ইউনিভাৰ্চিটিত পঢ়া ষ্টুডেণ্ট। তোমালোকৰ পৰা লুকুৱাই একো লাভ নাই। যদি কেনেবাকৈ এইখন গৃহিত হৈ যায়, কিন্তু সকলো শেষ হৈ যাব। সেইকাৰণে তোমালোকৰ হাতত অকল কাইলৈৰ দিনটো আছে। এতিয়া আমি কি কৰোঁ কোৱাচোন। পৰহিলৈটো এক্জামো আছে। আমিটো এতিয়া কাইলৈ যাওঁ বুলি কলে পটককৈ যাবলৈ নোৱাৰোঁ। আৰু ইয়াৰ পিছৰ পৰা কি হ’ব জানানে? তাত লিখা আছে, তেওঁলোকে কৈছে, তোমালোকে আচল যিখন ‘CAB’ সেইখনটো পঢ়িবলৈ পোৱা নাই, আমিহে পঢ়িছোঁ। তাত লিখা আছে, তাৰ পিছৰ পৰা যিমান মানুহ আহিব, , বাহিৰৰ পৰা, সবকে, অকল মানে কৰ্ট এফিডেফিট এখন দিলেই লগালগ, মানে, ইয়াত সোমাবলৈ দি দিব। যোন যেনেকে য’ৰ পৰা আহে, মানে, ইয়াত চব থাকিবলে পাব, মানে। লাহে লাহে, চব মানে, আমাৰটো ‘জব-সব’টো বাদেই দিয়া, সেইবোৰ চব গল বুলিয়েই ধৰা। কাৰণ মানে বহুত ধনী ধনী মানুহ আহিব, যিখিনি মানে আমি কেতিয়াও পাত্তা নাপাও। তেওঁলোকে, অকল, মানে, মতলব সেইটোৱে, আমাৰ ওপৰত ৰাজত্ব কৰা, ইয়াত।  ভাবাচোন, এককোটি মানুহ, ধেমালী নেকি? পাচ লাখেই যঠেষ্ট আছিল। আমি পাচ লাখৰ কাৰণেই আমি এইকেইদিন জোৰদাৰ হেৰি কৰি আছিলোঁ। অলৰেডী 54 লাখ্চ সোমালেই। অকল পাচ লাখ বাকী আছিলে। কিন্তু, এতিয়া চব, পাচলাখো নহয়, এককোটি মানুহ আহিব। ভাবাচোন। তোমালোক কোন কোন আছিলা, কোনকোন নাই নাজানো। অখিল গগৈ আহিছিলে, অৰূণ হাজৰিকা আহিছিলে, এনেকে কেইজনমান মানুহ আহিছিলে। তাৰ পৰা, তেওঁলোকে, CABৰ অৰ্থটো, মানে, গোটেইখিনি বুজাই থৈ গল। যে আচলতে আমাক মিছাকে কৈ আছে, , চৰকাৰে, যে অকল পাচ লাখ মানুহহে আহিব। নহয়, আচলতে এককোটি মানুহ আহিব। গোটেই এককোটি মানুহে মানে ইয়াত সোমাই যাব। আৰু গোটেইখিনি ধনী মানুহ আহিব, বামুনৰ পৰা আদি কৰি, গোটেইখিনি শিক্ষিত মানুহ আহিব। তাহাঁতে আহি লাহে লাহে আমাৰ ওপৰত ৰাজত্ব চলাব। মানে, আমাৰ, টোটেলী ভাষাটোটো নাই নায়েই, আমাৰ একো অস্তিত্ব নাইকীয়া হ’ব। আমাৰ চাকৰি-বাকৰিটো বহুত দূৰৰেই কথা, কমাৰ্চিয়েল চেক্তৰটো আমাৰ হাতৰ পৰা একেবাৰে লৈ ল’ব, কাঢ়ি
এইগৰাকী অতি সহজ-সৰল, বিশ্ববিদ্যালয়ৰ ছাত্ৰী। গোকাট মিথ্যাচাৰৰ বলি হ’ল ৷ বয়সত পুৰঠ হলেও শিশুৰ দৰে মনটো। যেন অসমীয়া জাতিটোৰ প্ৰতিভূ। শুনি মই স্বগতোক্তি কৰিছিলোঁ, ভগৱান আমাক ৰক্ষা কৰা  ৰাইজৰ ক্ষোভৰ উদ্গীৰণ হৈছে বুলি একমাত্ৰ অসমীয়া টেলিভিছন ছেনেলকেইটাৰ সুবাদতে দেখি পতিয়ন যোৱা বিশিষ্ট কলম পঢ়িছোঁ। সাম্প্ৰতিক ঘটনাৰাজি সম্পৰ্কত যিমানখিনি অৱগত হৈছোঁ মইও মিডিয়া, তথ্যবিজ্ঞ দুই-এজন আৰু বন্ধুবৰ্গৰ সৈতে কথোপকথনৰ পৰা। আৰামী চকীৰ পৰাই। পাৰ্থক্য আমাৰ অন্তৰ্দৃষ্টি নাই বা অভিজ্ঞতা সীমিত। কিন্তু তথাপি এটা দৃষ্টিকোণ নিশ্চয়কৈ আগবঢ়াব পাৰোঁ।  মই টেলিভিছনত দূস্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰা দেখিছোঁ, অপকৰ্ম কৰা দেখিছোঁকলেজীয়া ছাত্ৰ—ছাত্ৰীৰ দল একোটাক ৰাজপথত সমদল কৰা দেখিছোঁ। তেওঁলোকৰ মনতো হয়তো এই সহজ-সৰল, বিশ্ববিদ্যালয়ৰ ছাত্ৰী গৰাকীৰ দৰে অহৈতুক আতংক সোমাইছে। কাৰণ কিয় এনে কৰিছে যুক্তিপূৰ্ণ সুস্থিৰ মতামত তেওঁলোকে দিছে যে মই শুনা নাই।
যুক্তিপূৰ্ণ সিদ্ধান্তত উপনীত হোৱা নিৰ্দিষ্ট পদ্ধতি আছে। তেনেকৈ ভ্ৰান্তযুক্তিৰে নিজে বিভ্ৰান্ত হোৱা আৰু আনকো কৰাৰ মুৰ্খামী বা কৌশল আছে। মোৰ দৃষ্টিত বৰ্তমান প্ৰতিবাদৰ ভিত্তি হৈছে আত্মপ্ৰতাৰণা বা ভ্ৰমাত্মক দৃষ্টিভংগী। গোকাট মিছা কথাৰ আধাৰত জাতিৰক্ষাব সেয়া প্ৰথম নীতি (first principle)ৰ পৰাই প্ৰতিপাদন কৰিব নোৱাৰিদুস্কৃতিকাৰীৰ কথা বাদ বিশিষ্ট লোকেও পষেকটোৰ ভিতৰতে শৰণাৰ্থী বঙালী হিন্দুৰ সংখ্যা যদি এবাৰ ২০ আনবাৰ ৫ লাখ বুলি দাঙি ধৰিছে। নতুনকৈ বহুত আহিব বুলি কৈছে। সহজ-সৰল, বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীক পাঠপঢ়োৱা দুস্কৃতিকাৰীজনে পৰিকল্পিতভাৱে এই কাৰ্য কৰিছো কিন্তু সুধীলোকে কিয় কৰিছে?
সত্যৰ ওপৰত প্ৰতিস্থিত আন্দোলন এটাক ফলপ্ৰসূ কৰি তুলিবলৈকে কতজনৰ নিস্বাৰ্থ আত্মবলিদান লাগে, দশক কেতিয়াবা শতিকা লাগে। এনেস্থলত মিথ্যাচাৰৰ কি এনে শক্তি আছে? এই সিদ্ধান্তত উপনীত হবলৈ আঁহফলা যুক্তিৰ প্ৰয়োজন নাই। তথাপি মূহুৰ্তৰ বাবে গোটেইখিনি ধনী মানুহ আহিব, বামুনৰ পৰা আদি কৰি, গোটেইখিনি শিক্ষিত মানুহ আহিবসহজ-সৰল, বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীৰ আতংকজনিত ভ্ৰান্ত বিশ্বাস সঁচা বুলি যদি মানিও লওঁ, তেওঁলোক কৰ্মসংস্থান নথকা অসম ভুমিলৈ বিদ্বেষৰ সন্মুখীন হবলৈ কেলেই আহিব? যেনেদৰে আমাৰ ধনী ধনী সম্ভ্ৰান্তসকলৰ লৰা-ছোৱালী পঢ়িবলৈ বা কাম কৰিবলৈ লাখৰ হিচাপত বাংগালোৰ বা দিল্লীলৈ গৈছে, এই গোটেইখিনি শিক্ষিত মানুহত অৰ্থনৈতিক সুবিধা আছে তালৈকেহে ধাপলি নেমেলিবনে? পানী ওপৰৰ পৰা কললৈ বোৱাৰ নিচিনা মানুহো দুৰ্বল অৰ্থনীতিৰ পৰা শক্তিশালী অৰ্থনীতিলৈহে সুযোগৰ সন্ধানত গতি কৰে। বৰ্তমান বাংলাদেশৰ অৰ্থনীতি অসমতকৈ উন্নত।
মিছা কথাৰ ঠেং চুটিসত্যৰ বিকল্প নাই। বাস্তৱৰ পৰা শিক্ষা লোৱাৰো বিকল্প নাই। গুৱাহাটাৰ লতাশিল খেল পথাৰখনত কিমান মানুহ ধৰে? মই কুৰি হেজাৰ বুলি কাকতৰ শিৰোনামত দেখিলোঁ। জনসমাগমৰ আকাৰ নিৰ্ধাৰণ কৰিবলৈ গুগল মেপৰ সহায় লৈ কৰা এবিধ প্ৰযুক্তি-সজুলি আছে। সেইবিধৰ সুবাদত কৰা গণনামতে সমগ্ৰ পথাৰখন যদি ঠাহ খাইও পৰে তেতিয়াও মানুহ হব ৯৪১৯জন। ইয়াতকৈ অধিক হলে স্তাম্পেদব। মই দেখা ভিডিঅৰ পৰা পথাৰখনৰ খুব বেচি দুই তৃতীয়াংশ পূৰ হৈছিল। তদুপৰি পথাৰখনৰ পৰিসীমা মেপত দেখাতকৈ বাস্তবিকতে গছ, দোকান ইত্যাদিৰ বাবে সীমিততথাপি মানুহৰ উপস্থিতি যঠেষ্ট আছিল শান্তিপূৰ্ণ জনসমাগমত সংখ্যা যিমানেই নহওক কিয় হেয় কৰা অল্পবুদ্ধিৰ কাম। কিন্তু প্ৰশ্নটো হৈছে কুৰি হেজাৰ বুলি মিথ্যাচাৰ প্ৰচাৰৰ তাগিদাটো কাকতখনে কৰ পৰা পালে? এয়া অতি অশুভ যে অসমৰ কাকতকেইখনে নিজকে সংবাদসেৱী বুলি নাভাবি জাতিৰক্ষক বুলি ভ্ৰম কৰিছে। ভিজিলাণ্টিজিমৰ এই তাগিদা কৰ পৰা আহিছে? যোৱা ১০-১৫ দিনৰ আমাৰ বাতৰিকেইখনৰ প্ৰথম পৃষ্ঠা আৰু শিৰোনামবিলাকে সংবাদ মাধ্যমৰ কালিমা হৈ ৰব। গনতন্ত্ৰৰ চাৰিওটা স্তম্ভৰে নিজস্ব পৱিত্ৰ কৰণীয় আছে। এই কৰণীয়ৰ ভিতৰত এক্টিভিজিমৰ স্থান নাই,  ভিজিলাণ্টিজিম দূৰৰে কথা। স্থানীয় টেলিভিচনৰ অপপ্ৰচাৰো চুড়ান্ত হৈছে। এটা চেনেলে ১৪ তাৰিখে ব্ৰিটেইনৰ নাগৰিক আৰু কিছু প্ৰৱাসী ভাৰতীয় অসমীয়া প্ৰতিবাদকাৰীক পাকিস্তানী বুলি প্ৰধানমন্ত্ৰী মোডীয়ে কোৱা বুলি অপপ্ৰচাৰ কৰা চকুত পৰিল। অথচ ৰাষ্ট্ৰীয় টেলিভিছনত দেখা মতে মোডীয়ে একে দিনাই ৰাজপথত ওলোৱা অভাৰচিজ কংগ্ৰেছৰ কেইগৰাকীমান সদস্যই পাকিস্তানী চেনেলক বাইট দি থকা কথাটোহে ৰাজনৈতিক কটাক্ষ কৰিছিল। এই ধৰণৰ বহু অপপ্ৰচাৰৰ ফলত আজি পাৰস্পৰিক অসূয়া-অপ্ৰীতি বাঢ়িছে নিৰাময়ৰ আৰু মিলাপ্ৰীতি ঘুৰাই অনাৰ বাবে এখন হয়তো ‘Truth and Reconciliation’ ন্যায়িক  কমিছনৰ প্ৰয়োজন হব। সংবাদ মাধ্যমৰ এই বৃত্তিগত অৱনতিয়ে সুস্থ নাগৰিক সমাজj অপূৰণীয় ক্ষতি সাধন কৰিছে।
একাংশৰ সাম্প্ৰতিক সংবিধান সংশোধনীখনৰ বিৰোধিতাৰ আধাৰ মূলতঃ দুটা। প্ৰথমটো, অপপ্ৰচাৰ প্ৰসূত ভয় আৰু আতংক। সাময়িকভাৱে হলেও একাংশ অসমীয়া এইধৰণে ভ্ৰমিত হৈছে যে ইয়াৰ ফলত অসমত অবৈধ নাগৰিকৰ আগ্ৰাসন হব। আমাৰ ভাষাৰ সংকট হব। ঠিক সহজ-সৰল, বিশ্ববিদ্যালয়ৰ ছাত্ৰী গৰাকীৰ মনত উদয় হোৱা ভয়টোৰ দৰে। আন এচামৰ আপত্তি হৈছে সংশোধনীখন সংবিধান-বিৰোধী। ভাৰতৰ ধৰ্ম-নিৰপেক্ষ আত্মাটোক আঘাত কৰিছে। এটা বিৰোধিতা যদি আতংকজনিত আনটো আদৰ্শভিত্তিক। ইয়াৰ উপৰি দুই চাৰিটা অদ্ভুত আৱেগ বিজৰিত বিৰোধিতাও আছে যেনে অসম চুক্তিৰ পবিত্ৰতা ইত্যাদি। ইয়াৰ প্ৰতিকাৰ কি? নিশ্চয়কৈ অগ্নিপাত আৰু ৰাজহুৱা সম্পত্তি ধংস কৰাটো নহয়। প্ৰতিকাৰ হৈছে গনতান্ত্ৰিক শান্তিপূৰ্ণ প্ৰতিবাদ আৰু মতামত গঠন। তেওঁলোকে এনে এখন চৰকাৰৰ সপক্ষে ভোটদান কৰিব পাৰে যিখনে সংশোধনীখনৰ ফলত যদি কিবা ক্ষতি হয় তাৰ প্ৰতিকাৰ কৰিব বা সংশোধনীখনকে বাতিল কৰি নাদৰিকত্ব কাঢ়ি লব। সংসদে সকলো কৰিব পাৰে। তেনেধৰণে সংবিধান-বিৰোধী বুলি ভবাসকলে নিশ্চয়কৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হব পাৰে। কিন্তু যি কোনো পৰিস্থিতিতে তৃতীয় পক্ষলৈ প্ৰতিবাদ হস্তান্তৰ কৰাটো বিকল্প নহয়। অথচ তৃতীয় পক্ষ ইতিমধ্যে জৰিত হৈ পৰিছে টেলিভিছনৰ সুবাদত চকুত পৰাই নহয় ব্যক্তিগতভাৱে সাংবাদিক বন্ধুৱেও নিশ্চিত কৰিছে। বহুকথা মুকলিকৈ কব নোৱৰা এটা ভাব বহুতৰ হৈছে। গনতন্ত্ৰত মৌন গৰিস্থ থাকে। এই কথা আওকান কৰিব পৰা নাযায়। জামিয়া মিলিয়া, আলিগড় আৰু জে.এন বিশ্ববিদ্যালয়ত আদৰ্শভিত্তিক প্ৰতিবাদ তীব্ৰ আৰু হিংসাত্মাক হৈছে। ইও অৰ্থপূৰ্ণ-আওকান কৰিব পৰা নাযায়। 
এইখিনিতে ফ্ৰাঞ্চৰ সাম্প্ৰতিক হালধীয়া জাৰ্চি’ (Yellow Vest) বিদ্ৰোহৰ কথা অৱান্তৰ নহব। আধুনিক ৰাজনৈতিক বিপ্লৱৰ মূল দেশ ফ্ৰাঞ্চ। অক্টোৱৰ ২০১৮ৰ পৰা একাংশ নাগৰিকে বিক্ষিপ্ত প্ৰতিবাদ চলাই আহিছে, যি সময়ে সময়ে এটা হিংসাত্মক ৰূপ লৈছে। এই প্ৰতিবাদ কিমান তীব্ৰ ফট আৰু ভিডিওবোৰ নেদেখিলে বুজা নাযায়। সাম্প্ৰতিক আমাৰ বিক্ষিপ্ত প্ৰতিবাদবোৰতকৈ বহু তীব্ৰ। মাত্ৰ কেই সপ্তাহমান পূৰ্বে তেওঁলোকে পেৰিচৰ জনজীৱন স্তব্ধ কৰি দিছল। টেলিভিচছত এই তীব্ৰতা আৰু ক্ষোভ দেখিছোঁ। কিন্তু ফ্ৰাঞ্চৰ সংসদীয় গনতন্ত্ৰৰ নিজস্ব কৰ্ম-প্ৰণালীয়ে নতি স্বীকাৰ কৰা নাই। আধুনিক প্ৰতিনিধিত্বমূলক সংসদীয় গনতন্ত্ৰৰ আটাইতকৈ শক্তিশালী নীতি হৈছে সংসদীয় কাৰ্যপ্ৰণালীৰ জৰিয়তে উপনীত হোৱা সিদ্ধান্তৰ মান্যতা। এই মান্যতাত একাংশ অন্তৰায় হৈ পৰিব নোৱাৰে। এনে হলে গনতন্ত্ৰ নাথাকে। গনতন্ত্ৰ উত্তম প্ৰণালী হয়তো নহয়। কিন্তু আজি ইয়াৰ বিকল্পও নাই। মৌন গৰিস্থৰ অৱনামনা সংসদীয় গনতন্ত্ৰৰ পৰাজয়। এইখিনিতে প্ৰশ্ন উঠিব কোন এই মৌন গৰিস্থ’? ইয়াৰ উত্তৰ একমাত্ৰ বেলট পেপাৰৰ বাকচত পোৱা যায় ২১ অক্টোৱৰ ২০১৮ দেওবাৰে অবিশ্বাস্য ৭০০,০০০ মানুহে ব্ৰেক্জিটৰ প্ৰতিবাদত লণ্ডনৰ জনপথ লোকাৰণ্য কৰি তুলিছিল। অথচ সদ্যসমাপ্ত গ্ৰেট-ব্ৰিটেইনৰ মধ্যবৰ্তীকালীন নিৰ্বাচনত ব্ৰেক্জিটৰ সপক্ষে থকা শাসকীয় দলটোহে বিজয়ী হৈছে। হংকঙৰ যুৱসমাজ আৰু ছাত্ৰ-ছাত্ৰীয়ে যোৱা কেইমাহত অতি সংগঠিত ৰূপত বিদ্ৰোহ কৰি জন-জীৱন ব্যাহত কৰিছে। তেওঁলোকে হংকঙৰ গনতান্ত্ৰিক চৰিত্ৰ চীনৰ কমিউনিষ্ট চৰকাৰে যাতে ক্ষুন্ন কৰিব নোৱাৰে তাৰবাবে এই বিদ্ৰোহ কৰিছে। শেহতীয়াভাৱে এই বিদ্ৰোহ স্তিমিত হৈ পৰিছে। বিশেষকৈ পৌৰ নিকায়ৰ নিৰ্বাচনত ছাত্ৰ বিদ্ৰোহৰ প্ৰতি সমৰ্থন থকা দলটো বিজয়ী হোৱাৰ পিছত। গনতন্ত্ৰত নিৰ্বাচনেই শেষ কথা। সেয়ে যুক্তি-অযুক্তিৰ শেষ বিচাৰ বেলট বাকচৰ ভিতৰতেই হব। প্ৰতিবাদ, আলাপ-আলোচনা আৰু এৰা-ধৰা এইবোৰ শক্তিশালী অস্ত্ৰ। কৌশলী ব্যৱহাৰ কৰিব জানিব লাগিব। আমাৰ জাতিৰক্ষক সকলে গনতান্ত্ৰিক নীতি মানি চলিলে নিশ্চয় সফল হব। গনতন্ত্ৰই দিয়া ব্যক্তি স্বাধীনতা আমি  উপভোগ কৰিছোঁ। কিন্তু গনতন্ত্ৰক সন্মান নকৰিলে এই স্বাধীনতা অক্ষুন্ন থাকিব এই কথা ন দি কব পৰা নাযায়।  মিথ্যাচাৰ আৰু অগ্নি সংযোগ আৰু ৰাজহুৱা সম্পত্তি ধংস কৰা মহলটোৰ হাতৰ পুতলা হৈ পৰিলে পৰিণাম অতি ভয়াবহ হব, এয়া সাধাৰণ বুদ্ধিৰ উপলব্ধি।

Post a Comment

0 Comments